Evangelism and Spiritual Warfare, Assamese Mentor Guide

1 3 6 /

শু ভবার্ত া প্ৰচাৰ আৰু আত্মিক যুদ্ধ

পৰিশিশ্ট ২ আমি বিশ্বাস কৰ�োঁ : নাইচিন ধর্মমত বা বিশ্বাস (Nicene Creed) ৰ

স্বীকাৰ�োক্তি (সাধাৰণ পৰিমাণ*) ৰেভা. ডঃ ডন এল ডেভিচ, ২০০৭ (Rev. Dr. Don L. Davis, 2007)

* এই গীত ট�ো নাইচিন ধর্মম ত বা বিশ্বাস (Nicene Creed)ৰ পৰা অভিয�োজিত আৰু সাধাৰণ পৰিমাণত গঠন কৰা হৈছে (৮.৬.৮.৬), অর্াথ ৎ ইয়াক একে পৰিমাণৰ সুৰত গাব পাৰি, যেনে : অ, হাজাৰ কণ্ঠস্বৰে গান গাবলৈ (O, for a Thousand Tongues to Sing); হায়, হায় ম�োৰ ত্ৰাণকর্াত ই তেজ দিছিল (Alas, and Did My Savior Bleed?); আচৰিত দয়া প্ৰভুৰ (Amazing Grace); হওঁক যীচুৰ নামৰ সমাদৰ (All Hail the Power of Jesus’ Name); খ্ৰীষ্টৰ শিৰৰ পৰা ওলাই এক ভুমুক (There Is a Fountain); জগতলৈ পৰম আনন্দ (Joy to the World).

পিতৃ ঈশ্বৰে সৰ্বশক্তিৰে শাসন কৰে, তেওঁ পৃথিৱী আৰু স্বৰ্গৰ সৃষ্টিকৰ্তা। হয়, সকল�ো দেখা আৰু অদৃশ্য বস্তু তেওঁৰ দ্বাৰাই সৃষ্টি কৰা হৈছিল আৰু গঠন কৰা হৈছিল!

আমি এজন প্ৰভু যীচু খ্ৰীষ্টক ধৰি আছ�োঁ, তেওঁ ঈশ্বৰৰ একমাত্ৰ পুত্ৰ, তেওঁ একমাত্ৰ, তেওঁ অবিহনে এক�ো সৃষ্টি হ�োৱা নাই, তেওঁ আৰু আমাৰ প্ৰভু এক!

পিতৃৰ পৰা জন্মগ্ৰহণ কৰা, ঈশ্বৰ আৰু প�োহৰ, একেই মূল; তেওঁৰ দ্বাৰাই সকল�ো বস্তু ঈশ্বৰে সৃষ্টি কৰিলে, তেওঁৰ দ্বাৰাই জীৱন দিয়া হ’ল।

তেওঁ আমাৰ সকল�োৰে পৰিত্ৰাণৰ বাবে স্বৰ্গৰ পৰা পৃথিৱীলৈ নামি আহিল; তেওঁ আত্ মাৰ শক্তি আৰু কুমাৰী মৰিয়মৰ দ্বাৰা অৱতাৰ হৈছিল।

যিজনাক আমাৰ বাবে পন্তিয় পীলাতৰ হাতেৰে ক্ৰুচত দিয়া হ’ল; যিজনাই দুখ ভ�োগ কৰিলে, যিজনাক সমাধিস্থলত সমাধিস্থ কৰা হ’ল, যিজনা তৃতীয় দিনা পুনৰ উঠিল।

পবিত্ৰ শাস্ত্ৰ অনুসৰি এই সকল�োব�োৰ হবলৈ আছিল। তেওঁ স্বৰ্গলৈ উঠি গ’ল, ঈশ্বৰৰ স�োঁহাতে, এতিয়া মহিমাময় ওখ ঠাইত বহি আছে।

তেওঁ জীৱিত আৰু মৃত সকল�োকে বিচাৰ কৰিবলৈ আক�ৌ গ�ৌৰৱেৰে আহিব। তেওঁৰ ৰাজ্যৰ শাসন কেতিয়াও শেষ নহ’ব, কিয়ন�ো তেওঁ মূৰব্ বী হিচাপে ৰাজত্ব কৰিব। আমি ঈশ্বৰ, পবিত্ৰ আত্ মা, আমাৰ প্ৰভুক উপাসনা কৰ�োঁ, তেওঁ জীৱনদাতা জনা, তেওঁ পিতৃ আৰু পুত্ৰৰ সৈতে মহিমামণ্ডিত হয়, তেওঁ ভাববাদীসকলৰ দ্বাৰাই কথা কৈছিল।

আৰু আমি এটা প্ৰকৃত গীৰ্ জা (মণ্ডলী)ত বিশ্বাস কৰ�োঁ, যি সৰ্বকালৰ বাবে ঈশ্বৰৰ ল�োক, পৰিসৰত সার্বভ�ৌম (কেথলিক), আৰু এপষ্টোলি ক ৰেখাৰ ওপৰত নিৰ্ মিত।

আমাৰ পাপৰ ক্ষমাৰ বাবে এটা বাপ্তিস্ম স্বীকাৰ কৰি, আমি পুনৰু ত্থানৰ দিন – য’ত মৃতসকলে পুনৰ জীয়াই উঠিব, সেই দিনলৈ বাট চাই থাকিম৷

যেতিয়া খ্ৰীষ্টৰ মহান ৰাজত্ব পৃথিৱীলৈ আহিব, আৰু ঈশ্বৰৰ ইচ্ ছা পূৰণ হ’ব, আমি সেই অন্তহীন দিনব�োৰ বিচাৰ�ো, আহিবলগীয়া যুগৰ জীৱন!

Made with FlippingBook Digital Publishing Software